الرئيسية تعرف على الإسلام من خلقني؟ ولماذا؟ كل شيء يدل على وجود الخالق (آسامي)
মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?প্ৰতিটো বস্তুৱে সৃষ্টিকৰ্তাৰ অস্তিত্বৰ প্ৰমাণ বহন কৰে।

من خلقني؟ ولماذا؟ كل شيء يدل على وجود الخالق (آسامي)

قراءة الكتاب
عرض معلومات المادة باللغة الأصلية

من خلقني؟ ولماذا؟ كل شيء يدل على وجود الخالق (آسامي)

اللغة: آسامي
إعداد: جمعية الدعوة بالروضة
نبذة مختصرة:
كتاب قيم مترجم للغة الآسامية يوضح أن الله هو من خلق الإنسان ويبين الغاية من خلق الناس ويوضح أن كل شيء يدل على وجود الخالق.

الوصف المفصل

মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?প্ৰতিটো বস্তুৱে সৃষ্টিকৰ্তাৰ অস্তিত্বৰ প্ৰমাণ বহন কৰে।

আকাশমণ্ডল আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা ডাঙৰ ডাঙৰ মখলুক, যিবোৰক পৰিবেষ্টন কৰিব পৰা নাযায়, এই সকলোবোৰক কোনে সৃষ্টি কৰিছে?

আকাশমণ্ডল আৰু পৃথিৱীৰ এই সূক্ষ্ম তথা সুদৃঢ় ব্যৱস্থাপনা কোনে বনাইছে?

মানুহক কোনে সৃষ্টি কৰিছে, কোনে তাক শ্ৰৱণ আৰু দৃষ্টিশক্তি প্ৰদান কৰিছে, বিবেক-বুদ্ধি আৰু বিবেচনাশক্তি কোনে প্ৰদান কৰিছে, কোনে তাক জ্ঞান আৰু বাস্তৱতা বুজিবলৈ সক্ষম কৰি তুলিছে?

আপোনাৰ নিজৰ শৰীৰৰ আৰু অন্যান্য জীৱ-জন্তুৰ শৰীৰত থকা এই সূক্ষ্ম ব্যৱস্থাপনাক আপুনি কেনেকৈ ব্যাখ্যা কৰিব? ইমান আচৰিত শৈলীত কোনে এইবোৰক সৃষ্টি কৰিছে?

বছৰৰ পিছত বছৰ ধৰি ইমান নিপুণ আৰু সূক্ষ্ম নিয়মেৰে এই মহাবিশ্বক তেওঁ কেনেকৈ সুশৃংখল কৰি ৰাখিছে, তথা কেনেকৈ ইয়াৰ ভাৰসাম্য ৰক্ষা কৰিছে?

এইবোৰ নিয়ম-নীতি কোনে সৃষ্টি কৰিছে, যিবোৰে পৃথিৱীত ৰাজত্ব কৰি আছে, (উদাহৰণস্বৰূপে- জীৱন, মৰণ, বংশবৃদ্ধিৰ বাবে প্ৰজনন ক্ষমতা, দিন-ৰাতি আৰু ঋতুসমূহৰ পৰিবৰ্তন আদি)?

এই বিশ্বজগতে নিজেই নিজকে সৃষ্টি কৰিছে নেকি? নে এইটো কোনো অনস্তিত্বৰ পৰা অস্তিত্বলৈ আহিছে? নে এইটো আকস্মিকভাৱে অস্তিত্বলৈ আহিছে?

মানুহে সেইবোৰ বস্তুক কিয় বিশ্বাস কৰে, যিবোৰক সিহঁতে দেখা নাপায়? উদাহৰণস্বৰূপেঃ (উপলব্ধি, বুদ্ধি, আত্মা, অনুভূতি আৰু মুহাব্বত আদি)। এইবোৰক সিহঁতে এইকাৰণে বিশ্বাস নকৰেনে যে, সিহঁতে এইবোৰৰ প্ৰভাৱ দেখা পায়? তেন্তে কিয় মানুহে এই বিশ্বজগতৰ সৃষ্টিকৰ্তাৰ অস্তিত্বক অস্বীকাৰ কৰে, অথচ সিহঁতে তেওঁৰ অস্তিত্বৰ প্ৰভাৱ তেওঁৰ সৃষ্টিজগতৰ মাজত আৰু তেওঁৰ ৰহমত তথা দয়াৰ মাজত দেখিবলৈ পায়?

যদি কাৰোবাক কোৱা হয় যে, এই অট্টালিকাটো নিৰ্মাণ নকৰাকৈয়ে এনেই অস্তিত্বলৈ আহিছে, অথবা অনস্তিত্বই ইয়াক অস্তিত্বলৈ আনিছে, তেন্তে কোনোৱেই এই কথা বিশ্বাস নকৰিব। তেনেহ'লে কিছুমান লোকে কেনেকৈ এই কথা বিশ্বাস কৰে যে, এই বিশ্বজগত কোনো সৃষ্টিকৰ্তা নোহোৱাকৈয়ে অস্তিত্বলৈ আহিছে? এজন বিবেকৱান ব্যক্তিয়ে কেনেকৈ এই কথা বিশ্বাস কৰিব যে, বিশ্বজগতৰ এই নিপুণ তথা নিখুঁত ব্যৱস্থাপনা কোনো স্ৰষ্টা নোহোৱাকৈয়ে আকস্মিকভাৱে অস্তিত্বলৈ আহিছে?

মহান আল্লাহে কৈছে:(أَمۡ خُلِقُواْ مِنۡ غَيۡرِ شَيۡءٍ أَمۡ هُمُ ٱلۡخَٰلِقُونَ، أَمۡ خَلَقُواْ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۚ بَل لَّا يُوقِنُونَ). সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা? অথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।(৫২: ৩৫-৩৬)

আল্লাহ অতি পৱিত্ৰ আৰু সুউচ্চ

এই বিশ্বজগতৰ এজন প্ৰতিপালক তথা সৃষ্টিকৰ্তা আছে। যাৰ বহুতো নাম আৰু অসংখ্য মহান গুণাৱলী আছে, যিবোৰে তেওঁৰ পৰিপূৰ্ণতাৰ প্ৰমাণ বহন কৰে। তেওঁৰ কেইটামান নাম যেনে- আল-খালিক (সৃষ্টিকৰ্তা), আৰ-ৰাহীম (অত্যন্ত দয়ালু) আৰ-ৰাজ্জাক (জীৱিকাদাতা) আল-কাৰীম (মহা সন্মানিত)। সুউচ্চ মহান প্ৰতিপালকৰ অন্যতম এটা বিখ্যাত নাম হৈছে "আল্লাহ", ইয়াৰ অৰ্থ হৈছে, ইবাদতৰ একমাত্ৰ যোগ্য সত্ত্বা, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই।

পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ ([১])﴿قُلۡ هُوَ ٱللَّهُ أَحَدٌ কোৱা, 'তেওঁ আল্লাহ, এক-অদ্বিতীয়,* ٱللَّهُ ٱلصَّمَدُ আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)*لَمۡ یَلِدۡ وَلَمۡ یُولَدۡ তেওঁ কাকো জন্ম দিয়া নাই, আৰু তেৱোঁ কাৰো পৰা জন্মও লোৱা নাই।*وَلَمۡ یَكُن لَّهُۥ كُفُوًا أَحَدُۢ﴾ তেওঁৰ সমতুল্য কোনো নাই।(১১২: ১-৪)

মহান আল্লাহ কৈছেঃ﴿اللَّهُ لا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ لا تَأْخُذُهُ سِنَةٌ وَلا نَوْمٌ لَهُ مَا فِي السَّمَوَاتِ وَمَا فِي الأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا بِإِذْنِهِ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ وَسِعَ كُرْسِيُّهُ السَّمَوَاتِ وَالأَرْضَ وَلا يَئُودُهُ حِفْظُهُمَا وَهُوَ الْعَلِيُّ الْعَظِيمُ﴾ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘুমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে, তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছীয়ে আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যাপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।(২: ২৫৫)

পৱিত্ৰ মহান প্ৰতিপালকৰ গুণাৱলী

মহান প্ৰতিপালকেই হৈছে সেই সত্ত্বা, যিজনে পৃথিৱীক সৃষ্টি কৰিছে আৰু ইয়াক বশীভূত কৰিছে তথা ইয়াক বাসোপযোগী কৰি দিছে। তেৱেঁই আকাশমণ্ডল আৰু ইয়াৰ ভিতৰত থকা সকলো বৃহদাকাৰ মখলুকবোৰক সৃষ্টি কৰিছে। এইদৰে সূৰ্য্য, চন্দ্ৰ, ৰাতি আৰু দিন সৃষ্টি কৰিছে। এই সুনিপুণ ব্যৱস্থাই তেওঁৰ মহানতাৰ প্ৰমাণ বহন কৰে।

মহান প্ৰতিপালকেই আমাৰ বাবে অক্সিজেন সুলভ কৰিছে, যিটোৰ অবিহনে আমি বাচি থকাৰ কোনো উপায় নাই। তেৱেঁই আমাৰ ওপৰত পানী বৰ্ষণ কৰে আৰু তেৱেঁই নদী আৰু সাগৰসমূহক আমাৰ কামত নিয়োজিত কৰিছে। আমি যেতিয়া মাকৰ গৰ্ভত একেবাৰে দুৰ্বল অৱস্থাত আছিলোঁ, তেতিয়া তেৱেঁই আমাক খাদ্যৰ যোগান ধৰিছে আৰু আমাক সুৰক্ষিত ৰাখিছে। এইদৰে তেৱেঁই আমাৰ বাবে তেজ সৃষ্টি কৰে যিবোৰ আমাৰ সিৰা মহাসিৰাসমূহত প্ৰবাহিত হয়। তেৱেঁই আমাৰ হৃদপিণ্ড সৃষ্টি কৰিছে, যিটোৰ দ্বাৰা জন্মৰ পৰা মৃত্যুলৈকে একেলেঠাৰিয়ে তেজ সঞ্চালন হৈ থাকে।

মহান আল্লাহে কৈছে:﴿وَاللَّهُ أَخْرَجَكُمْ مِنْ بُطُونِ أُمَّهَاتِكُمْ لَا تَعْلَمُونَ شَيْئًا وَجَعَلَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ لَعَلَّكُمْ تَشْكُرُونَ﴾ আৰু আল্লাহে তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে, যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেৱেঁই তোমালোকক দিছে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু হৃদয়, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।(১৬: ৭৮)

উপাসনাযোগ্য প্ৰতিপালক পৰিপূৰ্ণতাৰ গুণেৰে গুণান্বিত হোৱাটো অত্যন্ত জৰুৰী

আমাৰ সৃষ্টিকৰ্তাই আমাক বিবেক দান কৰিছে, যাৰ দ্বাৰা আমি তেওঁৰ মহানতা অনুধাৱন কৰিব পাৰোঁ। আমাৰ মাজত এনেকুৱা স্বভাৱ ৰোপণ কৰিছে, যিয়ে তেওঁৰ পৰিপূৰ্ণতাৰ প্ৰমাণ বহন কৰে, আৰু এইটো প্ৰমাণ কৰে যে, তেওঁ দোষ-ত্ৰুটিৰ ঊৰ্দ্ধত, তেওঁৰ মাজত অপূৰ্ণতা থকাটো অসম্ভৱ।

ইবাদত একমাত্ৰ আল্লাহৰেই হ'ব লাগিব, কাৰণ একমাত্ৰ তেৱেঁই পৰিপূৰ্ণতাৰ অধিকাৰী আৰু তেৱেঁই ইবাদতৰ উপযুক্ত। তেওঁৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেই সকলোবোৰ হৈছে অসত্য, অসম্পূৰ্ণ আৰু মৃত্যু তথা ধ্বংসৰ উপযোগী।

মানুহ, মূৰ্ত্তি, গছ-গছনি অথবা জীৱ-জন্তু আদি কেতিয়াও উপাস্য হ'ব নোৱাৰে।

কোনো বিবেকৱান ব্যক্তিৰ বাবেই উচিত নহয় পূৰ্ণাংগ উপযুক্ত সত্ত্বাক এৰি আনৰ ইবাদত কৰা। গতিকে মানুহে নিজৰ দৰে অথবা নিজতকৈ নিম্নশ্ৰেণীৰ এটা সৃষ্টিৰ কেনেকৈ ইবাদত কৰিব পাৰে?

মহান প্ৰতিপালকৰ ক্ষেত্ৰত এইটো কেতিয়াও সম্ভৱ নহয় যে, তেওঁ কোনো নাৰীৰ গৰ্ভত ভ্ৰূণ হিচাপে অৱস্থান কৰিব, অথবা নৱজাতকৰ দৰে ভূমিষ্ঠ হ'ব।

মহান প্ৰতিপালকেই সকলো সৃষ্টিক সৃষ্টি কৰিছে। সকলো সৃষ্টিয়েই তেওঁৰ অধীনস্থ তথা তেওঁৰ কৰ্তৃত্বাধীন। কোনেও তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে। কাৰো পক্ষে সম্ভৱ নহয় তেওঁক শূলবিদ্ধ কৰা বা তেওঁক শাস্তি বিহা অথবা অপমান অপদস্থ কৰা।

মহান প্ৰতিপালকৰ মৃত্যু হোৱাটোও অসম্ভৱ।

তেৱেঁই প্ৰকৃত প্ৰতিপালক, যিয়ে কেতিয়াও নাপাহৰে, কেতিয়াও টোপনি নাহে আৰু পানাহাৰো নকৰে। তেওঁ অত্যন্ত মহান, তেওঁৰ কোনো স্ত্ৰী অথবা সন্তান থকাটো অসম্ভৱ। মহান সৃষ্টিকৰ্তাৰ বহুতো মহান গুণাৱলী আছে, তেওঁ কেতিয়াও প্ৰয়োজন অথবা দোষ-ত্ৰুটি আদিৰ দ্বাৰা সম্পৃক্ত নহয়। সেই সকলোবোৰ তথ্য যিবোৰ তথ্যক নবীসকলৰ সৈতে সম্পৃক্ত কৰা হয়, যিবোৰ তথ্য মহান সৃষ্টিকৰ্তাৰ মহত্তৰ বিৰোধিতা কৰে, সেই সকলোবোৰ হৈছে বিকৃত। সেইবোৰ কেতিয়াও সেই সঠিক অহী হ'ব নোৱাৰে যিবোৰ মুছা ঈছা আৰু অন্যান্য নবীসকলৰ প্ৰতি অৱতীৰ্ণ হৈছিল।

মহান আল্লাহে কৈছে:يَا أَيُّهَا النَّاسُ ضُرِبَ مَثَلٌ فَاسْتَمِعُوا لَهُ إِنَّ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ لَنْ يَخْلُقُوا ذُبَابًا وَلَوِ اجْتَمَعُوا لَهُ وَإِنْ يَسْلُبْهُمُ الذُّبَابُ شَيْئًا لَا يَسْتَنْقِذُوهُ مِنْهُ ضَعُفَ الطَّالِبُ وَالْمَطْلُوبُ (73) হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ দি শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁত আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি নিয়ে তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটো উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।مَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ (74) সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাৱান, পৰাক্ৰমশালী।(২২: ৭৩, ৭৪)

মহান সৃষ্টিকৰ্তাই আমাৰ প্ৰতি অহী নকৰাকৈ আমাক এনেই এৰি দিব বুলি বিষয়টো বিবেকে গ্ৰহণ কৰেনে?

এই কথা বিবেকত ধৰেনে যে, মহান আল্লাহে এই সকলোবোৰ সৃষ্টিক কোনো উদ্দেশ্য নোহোৱাকৈয়ে এনেই সৃষ্টি কৰিছে? তেওঁ এইবোৰক নিৰৰ্থক সৃষ্টি কৰিছে নেকি? অথচ তেওঁ মহাপ্ৰজ্ঞাৱান, সৰ্বজ্ঞ।

বিবেকে এই কথা সহজে গ্ৰহণ কৰিব পাৰেনে যে, যিজন সত্ত্বাই ইমান নিপুণ আৰু নিখুঁতভাৱে আমাক সৃষ্টি কৰাৰ পিছত, লগতে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু আমাৰ অধীনস্থ কৰাৰ পিছত তেওঁ আমাক কোনো উদ্দেশ্য নোহোৱাকৈয়ে এনেই সৃষ্টি কৰিছে নেকি, অথবা তেওঁ আমাক সেইবোৰ প্ৰশ্নৰ উত্তৰ নজনোৱাকৈয়ে এনেই এৰি দিবনে, যিবোৰ প্ৰশ্নই আমাক সদায় আমনি কৰে, উদাহৰণস্বৰূপেঃ আমি ইয়ালৈ কিয় আহিছোঁ? মৃত্যুৰ পিছত কি হ'ব? আমাৰ সৃষ্টিৰ উদ্দেশ্য কি?

বৰং আল্লাহে ৰাছুলসকলক প্ৰেৰণ কৰিছে যাতে আমি আমাৰ অস্তিত্বৰ উদ্দেশ্য সম্পৰ্কে জানিব পাৰোঁ, লগতে এই কথা জানিব পাৰোঁ যে, আল্লাহে আমাৰ পৰা কি বিচাৰে!

মহান আল্লাহে ৰাছুলসকলক প্ৰেৰণ কৰি আমাক এই সংবাদ দিছে যে, একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য, যাতে আমি জানিব পাৰোঁ যে, আমি তেওঁৰ ইবাদত কেনেকৈ কৰিব লাগিব, লগতে এইকাৰণে প্ৰেৰণ কৰিছে যাতে তেওঁৰ আদেশ-নিষেধ আমাক জনাই দিব পাৰে। লগতে আমাক এনেকুৱা নৈতিকতা শিকাবলৈ তেওঁলোকক প্ৰেৰণ কৰিছে, যদি আমি সেইবোৰ পালন কৰোঁ তেন্তে আমাৰ জীৱন সকলো প্ৰকাৰৰ কল্যাণ আৰু বৰকতেৰে ভৰি পৰিব।

মহান আল্লাহে নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা আদি প্ৰমুখ ৰাছুলসকলৰ দৰে বহুতো ৰাছুল প্ৰেৰণ কৰিছে। তেওঁ এই ৰাছুলসকলক নিদৰ্শন আৰু মুজিঝা (অলৌকিকতা) প্ৰদান কৰিছিল। যিবোৰে তেওঁলোকৰ সত্যতাৰ প্ৰমাণ দাঙি ধৰিছিল যে, তেওঁলোক হৈছে মহান সৃষ্টিকৰ্তাৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল।

ৰাছুলসকলৰ ধাৰাবাহিকতাৰ সৰ্বশেষ ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। মহান আল্লাহে তেখেতৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে।

ৰাছুলসকলে আমাক এই কথা স্পষ্টভাৱে জনাই দিছে যে, আমাৰ এই জীৱন হৈছে এটা পৰীক্ষা মাত্ৰ। প্ৰকৃত জীৱন হৈছে মৃত্যুৰ পিছৰ জীৱন।

তাত মুমিনসকলৰ বাবে আছে জান্নাত, যিসকলে একমাত্ৰ আল্লাহৰ ইবাদত কৰিছিল, যাৰ কোনো অংশীদাৰ নাই, লগতে যিসকলে সকলো ৰাছুলৰ প্ৰতি ঈমান আনিছিল। পক্ষান্তৰে তাত আল্লাহে কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম, যিসকলে আল্লাহৰ সৈতে অন্যান্য উপাস্যৰ উপাসনা কৰিছিল, অথবা ৰাছুলসকলৰ মাজৰ কোনো ৰাছুলক অস্বীকাৰ কৰিছিল।

মহান আল্লাহে কৈছে:

يَابَنِي آدَمَ إِمَّا يَأْتِيَنَّكُمْ رُسُلٌ مِنْكُمْ يَقُصُّونَ عَلَيْكُمْ آيَاتِي فَمَنِ اتَّقَى وَأَصْلَحَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ (35) হে আদম সন্তান! যদি তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহে, যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ'ব।وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا وَاسْتَكْبَرُوا عَنْهَا أُولَئِكَ أَصْحَابُ النَّارِ هُمْ فِيهَا خَالِدُونَ (36) আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু সেই বিষয়ে অহংকাৰ কৰিছে, সিহঁতেই অগ্নিবাসী, তাত সিহঁত চিৰকাল থাকিব।(৭: ৩৫, ৩৬)

মহান আল্লাহে আৰু কৈছেঃ﴿ أَفَحَسِبْتُمْ أَنَّمَا خَلَقْنَاكُمْ عَبَثًا وَأَنَّكُمْ إِلَيْنَا لَا تُرْجَعُونَ ﴾ 'তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ'ব?(২৩: ১১৫)

আল-কোৰআনুল কাৰীম

আল-কোৰআনুল কাৰীম হৈছে আল্লাহৰ বাণী, এইখন অৱতীৰ্ণ হৈছে সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত। এইখন হৈছে আটাইতকৈ ডাঙৰ মুজিঝা (অলৌকিকতা), যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ সত্যতাৰ প্ৰমাণ বহন কৰে। বিধান প্ৰদানৰ ক্ষেত্ৰত আৰু সংবাদ প্ৰদানৰ ক্ষেত্ৰত এইখন চিৰন্তন সত্য। মহান আল্লাহে অস্বীকাৰ কাৰীসকলক এই কোৰআনৰ দৰে এটা ছুৰা ৰচনা কৰাৰ প্ৰত্যাহ্বান জনাইছে, কিন্তু সিহঁতে ইয়াৰ স্বতন্ত্ৰ শৈলী আৰু শব্দ গাঁথনিৰ অনন্যতাৰ কাৰণে এইটো কৰিবলৈ অপাৰগ হৈছিল। অসংখ্য বৈজ্ঞানিক তথ্য আৰু যুক্তি আদিয়ে প্ৰমাণ কৰে যে, এইখন মানুহৰ দ্বাৰা প্ৰস্তুত কৰাটো কেতিয়াও সম্ভৱ নহয়, বৰং এইখন হৈছে মানৱজাতিৰ প্ৰতিপালক মহান আল্লাহৰ বাণী।

ইমান সংখ্যক ৰাছুল কিয় প্ৰেৰণ কৰিছে?

আল্লাহে সকলো উম্মতৰ প্ৰতি একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিল। এনেকুৱা কোনো উম্মত নাই, যি উম্মতক আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰিবলৈ তথা সিহঁতক তেওঁৰ আদেশ নিষেধ পৌঁচাই দিবলৈ কোনো ৰাছুল অহা নাই। সকলো ৰাছুলৰ আহ্বানৰ এটাই উদ্দেশ্য আছিল, সেয়া হৈছেঃ একমাত্ৰ সৰ্বশক্তিমান আল্লাহৰ ইবাদত কৰা। যেতিয়াই কোনো উম্মতে নিজ ৰাছুলৰ শিক্ষাক পৰিত্যাগ কৰিছে তথা ৰাছুলে লৈ অহা আল্লাহৰ একত্ববাদী বাৰ্তাক বিকৃত কৰিছে, তেতিয়াই আল্লাহে বেলেগ এজন ৰাছুল প্ৰেৰণ কৰি সেইটোক সংশোধন কৰাৰ দায়িত্ব অৰ্পন কৰিছে। যাতে মানুহে প্ৰকৃত স্বভাৱৰ প্ৰতি উভতি আহে, অৰ্থাৎ আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ প্ৰতি। ৰাছুলসকলৰ এই ধাৰাবাহিকতাৰ সৰ্বশেষ ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। যাক প্ৰদান কৰা হৈছে পূৰ্ণাংগ দ্বীন আৰু সকলো মানুহৰ বাবে প্ৰযোজ্য হ'ব পৰা স্থায়ী চৰীয়ত, যিটো কিয়ামত পৰ্যন্ত অবিচল থাকিব। যি চৰীয়তে পূৰ্বৱৰ্তী সকলো চৰীয়তক ৰহিত কৰিছে। যিটো চৰীয়তক কিয়ামত পৰ্যন্ত বাকী ৰাখিবলৈ স্বয়ং আল্লাহে দায়িত্ব লৈছে।

এইকাৰণেই আমি মুছলিমসকলে আল্লাহৰ আদেশ পালন কৰি পূৰ্বৱৰ্তী সকলো ৰাছুল আৰু গ্ৰন্থসমূহৰ প্ৰতি ঈমান পোষণ কৰোঁ।

মহান আল্লাহে কৈছে:﴿ءَامَنَ ٱلرَّسُولُ بِمَاۤ أُنزِلَ إِلَیۡهِ مِن رَّبِّهِۦ وَٱلۡمُؤۡمِنُونَۚ كُلٌّ ءَامَنَ بِٱللَّهِ وَمَلَـٰۤىِٕكَتِهِۦ وَكُتُبِهِۦ وَرُسُلِهِۦ لَا نُفَرِّقُ بَیۡنَ أَحَدࣲ مِّن رُّسُلِهِۦۚ وَقَالُوا۟ سَمِعۡنَا وَأَطَعۡنَاۖ غُفۡرَانَكَ رَبَّنَا وَإِلَیۡكَ ٱلۡمَصِیرُ﴾ ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাপসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, 'আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই (আমি) উভতি যাব লাগিব'।[2: 285]. (২: ২৮৫)

কোনো ব্যক্তিয়েই প্ৰকৃত মুমিন হ'ব নোৱাৰে যেতিয়ালৈকে সি সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰিব।

আল্লাহেই হৈছে সেই সত্ত্বা, যিজনে ৰাছুলসকলক প্ৰেৰণ কৰিছে। এতেকে যিয়ে কোনো এজন ৰাছুলক অস্বীকাৰ কৰিছে, সি দৰাচলতে সকলো ৰাছুলকে অস্বীকাৰ কৰিছে। কিয়নো ইয়াতকৈ ডাঙৰ গুনাহ আৰু একো হ'ব নোৱাৰে যে, মানুহে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত অহীক অস্বীকাৰ কৰিছে। গতিকে জান্নাতত প্ৰৱেশ কৰিবলৈ হ'লে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব।

গতিকে এতিয়া প্ৰতিজন ব্যক্তিয়েই অনিবাৰ্যৰূপে আল্লাহৰ সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা উচিত। এতেকে সৰ্বশেষ তথা অন্তিম ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ নকৰাকৈ তথা তেওঁৰ অনুসৰণ নকৰাকৈ এইটো কেতিয়াও বাস্তৱায়ন হোৱাটো সম্ভৱ নহয়।

মহান আল্লাহে পৱিত্ৰ কোৰআনত উল্লেখ কৰিছে যে, যিয়ে আল্লাহৰ কোনো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিবলৈ অস্বীকাৰ কৰিব, সি দৰাচলতে আল্লাহক অস্বীকাৰ কৰে আৰু তেওঁৰ অহীক মিছা সাব্যস্ত কৰে।

তলৰ এই আয়াতটো পঢ়ি চাওকঃ"إنَّ الَّذِينَ يَكْفُرُونَ بِاللَّهِ ورُسُلِهِ ويُرِيدُونَ أنْ يُفَرِّقُوا بَيْنَ اللَّهِ ورُسُلِهِ ويَقُولُونَ نُؤْمِنُ بِبَعْضٍ ونَكْفُرُ بِبَعْضٍ ويُرِيدُونَ أنْ يَتَّخِذُوا بَيْنَ ذَلِكَ سَبِيلًا নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, 'আমি কিছুমানৰ ওপৰত ঈমান পোষণ কৰোঁ আৰু কিছুমানৰ লগত কুফৰী (অস্বীকাৰ) কৰোঁ'; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।أُولَئِكَ هُمُ الكافِرُونَ حَقًّا وأعْتَدْنا لِلْكَفَرَيْنِ عَذابًا مُهِينًا﴾". ইহঁতেই হৈছে প্ৰকৃত কাফিৰ; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।[৪: ১৫০-১৫১]

ইছলাম কাক বোলে?

ইছলাম হৈছে, আল্লাহৰ একত্ববাদ স্বীকাৰ কৰি তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, আনুগত্য প্ৰকাশ কৰি তেওঁৰ ওচৰত নত হোৱা, লগতে সন্তুষ্টচিত্তে আমল কৰিবলৈ তেওঁৰ চৰীয়ত গ্ৰহণ কৰা।

মহান আল্লাহে প্ৰেৰণ কৰা ৰাছুলসকলৰ বাৰ্তা এটাই আছিল, সেয়া হৈছেঃ একমাত্ৰ আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰা, যাৰ কোনো অংশীদাৰ নাই।

ইছলামেই হৈছে সকলো নবীৰ ধৰ্ম। তেওঁলোকৰ আহ্বানৰ মূল ভিত্তি এটাই কিন্তু চৰীয়ত হৈছে বেলেগ বেলেগ। বৰ্তমান সময়ত একমাত্ৰ মুছলিমসকলেই সেই সঠিক ধৰ্ম পালন কৰি আছে, যিটো সকলো নবীয়ে লৈ আগমন কৰিছিল। বৰ্তমান সময়ত একমাত্ৰ ইছলামৰ বাৰ্তাই হৈছে সত্য বাৰ্তা। এতেকে যি প্ৰতিপালকে ইব্ৰাহীম, মুছা আৰু ঈছাক প্ৰেৰণ কৰিছিল, তেৱেঁই সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছে। লগতে ইছলামী চৰীয়তে পূৰ্বৱৰ্তী সকলো চৰীয়তকে ৰহিত কৰিছে।

আজি ইছলামৰ বাহিৰে মানুহে যিবোৰ ধৰ্ম পালন কৰি আছে, সেইবোৰ হয়তো মানৱসৃষ্ট, নহয় পূৰ্বে কোনো ঐশী ধৰ্ম আছিল, যিবোৰক মানুহে পৰৱৰ্তী সময়ত বিকৃত কৰিছিল। ফলত সেইবোৰৰ মাজত মিশ্ৰিত হৈছে বহুতো কুসংস্কাৰ আৰু উত্তৰাধিকাৰীসূত্ৰে পোৱা কল্প-কাহিনী আৰু মানুহৰ যুক্তি আদি। আনহাতে মুছলিমসকলৰ আক্বীদা এটাই, এইটো স্পষ্ট ইয়াত কোনো পৰিৱৰ্তন নাই। আপুনি কেৱল পবিত্ৰ কোৰআনৰ প্ৰতি দৃষ্টিপাত কৰকচোন, এইখন গোটেই মুছলিম বিশ্বতে একেই ৰূপত বিদ্যমান।

মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ

قُلْ آمَنَّا بِاللَّهِ وَمَا أُنْزِلَ عَلَيْنَا وَمَا أُنْزِلَ عَلَى إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ وَيَعْقُوبَ وَالْأَسْبَاطِ وَمَا أُوتِيَ مُوسَى وَعِيسَى وَالنَّبِيُّونَ مِنْ رَبِّهِمْ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْهُمْ وَنَحْنُ لَهُ مُسْلِمُونَ (84) তোমালোকে কোৱা, 'আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও আমি ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ 85). আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব, তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব।[৩ : ৮৪-৮৫]

ঈছা আলাইহিচ্ছালাম সম্পৰ্কে মুছলিমসকলৰ আক্বীদাহ কি?

আপুনি জানেনে আল্লাহৰ প্ৰেৰিত নবী ঈছাৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁক ভালপোৱা আৰু তেওঁক সন্মান কৰাটো হৈছে মুছলিমসকলৰ বাবে অনিবাৰ্য্য, লগতে মহান আল্লাহ, যাৰ কোনো অংশীদাৰ নাই, সেই সত্ত্বাৰ এককভাৱে ইবাদত কৰিবলৈ ঈছাই যি বাৰ্তা লৈ আহিছিল তাৰ প্ৰতিও ঈমান পোষণ কৰাটো অৱশ্য কৰ্তব্য। মুছলিমসকলে বিশ্বাস কৰে যে, ঈছা আৰু মুছা উভয়েই হৈছে আল্লাহৰ প্ৰেৰিত নবী। মহান আল্লাহে তেওঁলোকক মানুহৰ হিদায়তৰ বাবে আৰু জান্নাতৰ পথ দেখুৱাবলৈ প্ৰেৰণ কৰিছিল।

লগতে আমি বিশ্বাস কৰোঁ যে, ঈছা আলাইহিচ্ছালাম হৈছে আল্লাহৰ প্ৰেৰিত ৰাছুলসকলৰ মাজৰ অন্যতম সন্মানীয় ৰাছুল। আমি এই কথাও বিশ্বাস কৰোঁ যে, তেওঁ অলৌকিকভাৱে জন্ম গ্ৰহণ কৰিছিল। পৱিত্ৰ কোৰআনত মহান আল্লাহে সংবাদ দিছে যে, তেওঁ ঈছাক পিতৃ নোহোৱাকৈ সৃষ্টি কৰিছে, যিদৰে আদমক পিতৃ-মাতৃ নোহোৱাকৈ সৃষ্টি কৰিছিল। আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।

আমি বিশ্বাস কৰোঁ যে, ঈছা কোনো উপাস্য নহয়। তেওঁ আল্লাহৰ পুত্ৰও নহয়, লগতে তেওঁক ক্ৰুছবিদ্ধও কৰা হোৱা নাই। বৰং তেওঁ এতিয়াও জীৱিত আছে। মহান আল্লাহে তেওঁক আকাশলৈ উঠাই নিছে। শেষ জমানাত তেওঁ ন্যায়পৰায়ণ বিচাৰক হিচাপে আগমন কৰিব। তেতিয়া তেওঁ মুছলিমসকলৰ লগত থাকিব। কাৰণ একমাত্ৰ মুছলিমসকলেই সেই তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত আছে, যিটো লৈ ঈছাসহ সকলো নবীয়ে আগমন কৰিছিল।

মহান আল্লাহে পৱিত্ৰ কোৰআনত সংবাদ দিছে যে, ঈছা আলাইহিচ্ছালামে লৈ অহা ৰিছালতক নাচাৰা (খ্ৰীষ্টান)সকলে বিকৃত কৰিছিল। লগতে কিছুমান আছিল পথভ্ৰষ্ট লোক, যিসকলে ইঞ্জিলক কলুষিত কৰিছে আৰু এনেকুৱা কথাৰে পৰিবৰ্তন কৰিছে যিবোৰ ঈছা আলাইহিচ্ছালামে কোৱা নাছিল। ইঞ্জিলৰ বিভিন্ন সংস্কৰণ আৰু সেইবোৰৰ মাজত থকা অসংখ্য বিসংগতিয়ে এই কথাৰ প্ৰমাণ বহন কৰে।

মহান আল্লাহে আমাক এই সংবাদ দিছে যে, ঈছা আলাইহিচ্ছালামে একমাত্ৰ আল্লাহৰ ইবাদত কৰিছিল, তেওঁ কাকো নিজৰ ইবাদত কৰিবলৈ কোৱা নাছিল। বৰং তেওঁ নিজৰ উম্মতক তেওঁৰ সৃষ্টিকৰ্তাৰ ইবাদত কৰিবলৈ কৈছিল। পক্ষান্তৰে চয়তানেহে খ্ৰীষ্টানসকলক ঈছাৰ উপাসনা কৰিবলৈ প্ৰৰোচনা দিছিল। কোৰআনত মহান আল্লাহে এই কথাও জনাইছে যে, যিয়ে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিব, আল্লাহে তাক কেতিয়াও ক্ষমা নকৰিব। কিয়ামতৰ দিনা স্বয়ং ঈছা আলাইহিচ্ছালামে সেইসকল লোকৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰিব যিসকলে তেওঁৰ ইবাদত কৰিছিল। তেওঁ সিহঁতক ক'বঃ মই তোমালোকক সৃষ্টিকৰ্তাৰ ইবাদত কৰিবলৈ কৈছিলোঁ, মই কেতিয়াও তোমালোকক মোৰ ইবাদত কৰিবলৈ কোৱা নাছিলোঁ। ইয়াৰ অন্যতম এটা প্ৰমাণ মহান আল্লাহৰ এই বাণীঃ

﴿یَـٰۤأَهۡلَ ٱلۡكِتَـٰبِ لَا تَغۡلُوا۟ فِی دِینِكُمۡ وَلَا تَقُولُوا۟ عَلَى ٱللَّهِ إِلَّا ٱلۡحَقَّۚ إِنَّمَا ٱلۡمَسِیحُ عِیسَى ٱبۡنُ مَرۡیَمَ رَسُولُ ٱللَّهِ وَكَلِمَتُهُۥۤ أَلۡقَىٰهَاۤ إِلَىٰ مَرۡیَمَ وَرُوحࣱ مِّنۡهُۖ فَـَٔامِنُوا۟ بِٱللَّهِ وَرُسُلِهِۦۖ وَلَا تَقُولُوا۟ ثَلَـٰثَةٌۚ ٱنتَهُوا۟ خَیۡرࣰا لَّكُمۡۚ إِنَّمَا ٱللَّهُ إِلَـٰهࣱ وَ ٰ⁠حِدࣱۖ سُبۡحَـٰنَهُۥۤ أَن یَكُونَ لَهُۥ وَلَدࣱۘ لَّهُۥ مَا فِی ٱلسَّمَـٰوَ ٰ⁠تِ وَمَا فِی ٱلۡأَرۡضِۗ وَكَفَىٰ بِٱللَّهِ وَكِیلࣰا﴾ হে আহলে কিতাব! তোমালোকে নিজৰ ধৰ্মত গুলু (সীমালংঘন) নকৰিবা আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নক'বা। মাৰয়ামৰ পুত্ৰ ঈছা মছীহ কেৱল এজন আল্লাহৰ ৰাছুল আৰু তেওঁৰ বাণীহে, যিটো তেওঁ মাৰয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰা আৰু (আল্লাহক) তিনি বুলি নক'বা, (এনে উক্তি) পৰিত্যাগ কৰা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহেই হৈছে একমাত্ৰ ইলাহ, তেওঁৰ সন্তান হ'ব—তেওঁ এনে কথাৰ পৰা পৱিত্ৰ-মহান। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু কৰ্ম-বিধায়কৰূপে আল্লাহেই যথেষ্ট।[৪: ১৭১]

আল্লাহে কৈছেঃ(وَإِذْ قَالَ اللَّهُ يَا عِيسَى ابْنَ مَرْيَمَ أَأَنتَ قُلْتَ لِلنَّاسِ اتَّخِذُونِي وَأُمِّيَ إِلَٰهَيْنِ مِن دُونِ اللَّهِ ۖ قَالَ سُبْحَانَكَ مَا يَكُونُ لِي أَنْ أَقُولَ مَا لَيْسَ لِي بِحَقٍّ ۚ إِن كُنتُ قُلْتُهُ فَقَدْ عَلِمْتَهُ ۚ تَعْلَمُ مَا فِي نَفْسِي وَلَا أَعْلَمُ مَا فِي نَفْسِكَ ۚ إِنَّكَ أَنتَ عَلَّامُ الْغُيُوبِ আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক'ব, 'হে মাৰইয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক'ব, 'তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক'লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানা, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী'।[৫ : ১১৬]

আখিৰাতত যিয়ে মুক্তি পাব বিচাৰে তেওঁ ইছলাম গ্ৰহণ কৰা উচিত, আৰু নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰা উচিত।

সকলো নবী আৰু ৰাছুল এই কথাত একমত যে আখিৰাতত কেৱল মুছলমান সকলেহে পৰিত্ৰাণ পাব, যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস পোষণ কৰে, তেওঁৰ ইবাদতত আন কাকো অংশীদাৰ স্থাপন নকৰে, লগতে সকলো নবী আৰু ৰাছুলৰ প্ৰতি বিশ্বাস পোষণ কৰে। এতেকে যিসকলে মুছা আলাইহিচ্ছালামৰ যুগত বাস কৰিছিল, তেওঁলোকৰ মাজৰ যিসকলে তেওঁৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁ দিয়া শিক্ষা মতে আমল কৰিছিল, তেওঁলোক হৈছে মুছলিম, মুমিন তথা সৎকৰ্মশীল। কিন্তু আল্লাহে ঈছা আলাইহিচ্ছালামক প্ৰেৰণ কৰাৰ পিছত, মুছা আলাইহিচ্ছালামৰ অনুসাৰীসকলৰ ওপৰত অনিবাৰ্য হৈ পৰিছে ঈছা আলাইহিচ্ছালামৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ অনুসৰণ কৰা। এতেকে যিসকলে ঈছাৰ প্ৰতি ঈমান আনিছে, তেওঁলোকেই হৈছে মুছলিম আৰু সৎকৰ্মশীল। কিন্তু যিসকলে তেওঁৰ প্ৰতি ঈমান পোষণ কৰা নাই আৰু এই বুলি কৈছে যে, আমি পূৰ্বৰ চৰীয়তৰ ওপৰতে অটল থাকিম, সিহঁত মুমিন নহয়। কিয়নো সিহঁতে এজন নবীৰ প্ৰতি ঈমান পোষণৰ পৰা অস্বীকাৰ কৰিছে, যাক আল্লাহে প্ৰেৰণ কৰিছে। ইয়াৰ পিছত যেতিয়া আল্লাহে সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছে, তেতিয়া সকলোৰে ওপৰত অনিবাৰ্য হৈ পৰিছে তেওঁৰ প্ৰতি ঈমান পোষণ কৰা। কাৰণ যিজন প্ৰতিপালকে মুছা আৰু ঈছাক প্ৰেৰণ কৰিছে, সেইজন সত্ত্বাই সৰ্বশেষ ৰাছুল মুহাম্মদকো প্ৰেৰণ কৰিছে। এতেকে যিয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালতক অস্বীকাৰ কৰিব আৰু ক'ব যে, মই মুছা অথবা ঈছাৰ অনুসাৰী হৈয়ে থাকিম তেন্তে সি মুমিন নহয়।

মুক্তি পাবলৈ কেৱল এই কথা ক'লেই যথেষ্ট নহ'ব যে, মই মুছলিমসকলক সন্মান কৰোঁ, এইদৰে কেৱল দুখীয়া দৰিদ্ৰ অভাৱীক সহায় কৰিলেই মুক্তি লাভ কৰাটো সম্ভৱ নহয়। বৰং এইবোৰ গ্ৰহণযোগ্য হ'বলৈ আল্লাহৰ প্ৰতি, তেওঁ অৱতীৰ্ণ কৰা গ্ৰন্থসমূহৰ প্ৰতি, ৰাছুলসকলৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰাটো অত্যন্ত জৰুৰী। গতিকে আল্লাহক অস্বীকাৰ কৰা, তেওঁৰ সৈতে শ্বিৰ্ক কৰা, আল্লাহে অৱতীৰ্ণ কৰা অহীক প্ৰত্যাখ্যান কৰা অথবা সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতক অস্বীকাৰ কৰাতকৈ ডাঙৰ আন কোনো গুনাহ নাই। ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ মাজৰ যিসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত সম্পৰ্কে অৱহিত হোৱাৰ পিছতো ঈমান পোষণ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু ইছলামত প্ৰৱেশ কৰিবলৈ প্ৰত্যাখ্যান কৰিছে, সিহঁত চিৰস্থায়ীভাৱে জাহান্নামত অৱস্থান কৰিব। যেনে- মহান আল্লাহে কৈছেঃ

{إِنَّ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ وَالْمُشْرِكِينَ فِي نَارِ جَهَنَّمَ خَالِدِينَ فِيهَا ۚ أُولَـٰئِكَ هُمْ شَرُّ الْبَرِيَّةِ} নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকল জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; এওঁলোকেই হৈছে নিকৃষ্ট সৃষ্টি।[৯৮ : ৬]

যিহেতু মানৱজাতিৰ প্ৰতি আল্লাহৰ সৰ্বশেষ বাৰ্তা আহি পৰিছে। সেয়ে ইছলাম আৰু সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত সম্পৰ্কে অৱগত হোৱা প্ৰতিজন ব্যক্তিৰ ওপৰতে তেখেতৰ প্ৰতি ঈমান পোষণ কৰা, তেখেতে লৈ অহা চৰীয়ত মুতাবিক আমল কৰা, লগতে তেখেতৰ আদেশ-নিষেধৰ অনুসৰণ কৰা অনিবাৰ্য। গতিকে যিয়ে এই অন্তিম বাৰ্তা সম্পৰ্কে অৱগত হোৱাৰ পিছত ইয়াক নসাৎ কৰিব, আল্লাহে সেই ব্যক্তিৰ একোৱে গ্ৰহণ নকৰিব আৰু আখিৰাতত তাক কঠিন শাস্তি বিহিব। যেনে- মহান আল্লাহে কৈছেঃ

﴿وَمَن یَبۡتَغِ غَیۡرَ ٱلۡإِسۡلَـٰمِ دِینࣰا فَلَن یُقۡبَلَ مِنۡهُ وَهُوَ فِی ٱلۡـَٔاخِرَةِ مِنَ ٱلۡخَـٰسِرِینَ﴾ আৰু যিয়ে ইছলামৰ বাহিৰে বেলেগ কোনো ধৰ্ম অনুসন্ধান কৰিব, তাৰ পৰা সেই ধৰ্ম কেতিয়াও গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব।[৩: ৮৫]

মহান আল্লাহে আৰু কৈছেঃ(قُلْ يَا أَهْلَ الْكِتَابِ تَعَالَوْا إِلَىٰ كَلِمَةٍ سَوَاءٍ بَيْنَنَا وَبَيْنَكُمْ أَلَّا نَعْبُدَ إِلَّا اللَّهَ وَلَا نُشْرِكَ بِهِ شَيْئًا وَلَا يَتَّخِذَ بَعْضُنَا بَعْضًا أَرْبَابًا مِّن دُونِ اللَّهِ ۚ فَإِن تَوَلَّوْا فَقُولُوا اشْهَدُوا بِأَنَّا مُسْلِمُونَ) কোৱা, 'হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে'। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ'লে তোমালোকে কোৱা, 'তোমালোকে সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম'।(৩: ৬৪)

মুছলিম হ'বলৈ মই কি কৰিব লাগিব?

ইছলাম গ্ৰহণ কৰিবলৈ আপুনি এই ছয়টা স্তম্ভৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব।

আল্লাহৰ প্ৰতি এই বুলি বিশ্বাস পোষণ কৰিব লাগিব যে, তেৱেঁই হৈছে সৃষ্টিকৰ্তা, জীৱিকাদাতা, মহা পৰিচালক, সকলো বস্তুৰ মালিক। তেওঁৰ সমতুল্য একো নাই। তেওঁৰ কোনো স্ত্ৰী নাই, সন্তান নাই। একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত।

ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব যে, তেওঁলোক হৈছে আল্লাহৰ বান্দা। আল্লাহে তেওঁলোকক নূৰেৰে সৃষ্টি কৰিছে, তেওঁলোকৰ অন্যতম এটা কাম হৈছে নবীসকলৰ প্ৰতি অহী লৈ অৱতৰণ কৰা।

এইদৰে আল্লাহে তেওঁৰ নবীসকলৰ প্ৰতি যিবোৰ কিতাব অৱতীৰ্ণ কৰিছে, সেইসমূহৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব। (যেনে- তাওৰাত, ইঞ্জীল- বিকৃত হোৱাৰ আগত এইবোৰ ঐশী গ্ৰন্থ আছিল) সৰ্বশেষ গ্ৰন্থ হৈছে আল-কোৰআনুল কাৰীম।

এইদৰে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব। যেনে- নূহ, ইব্ৰাহীম, মূছা, ঈছা আৰু সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তেওঁলোক আটায়ে আছিল মানৱ। আল্লাহে তেওঁলোকৰ ওপৰত অহী অৱতীৰ্ণ কৰিছিল, আৰু তেওঁলোকক এনেকুৱা নিদৰ্শন আৰু অলৌকিকতা প্ৰদান কৰিছিল যিবোৰে তেওঁলোকৰ সত্যতাৰ প্ৰমাণ বহন কৰিছিল।

এইদৰে অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব, যিদিনা আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে উত্থিত কৰিব, সেইদিনা আল্লাহে তেওঁৰ সৃষ্টিসকলৰ মাজত ফয়চালা কৰি দিব। মুমিনসকলে জান্নাতত প্ৰৱেশ কৰিব আৰু কাফিৰসকল জাহান্নামত নিক্ষিপ্ত হ'ব।

এইদৰে ঈমান পোষণ কৰিব লাগিব ভাগ্যৰ ওপৰত। লগতে এই বিশ্বাস পোষণ কৰিব লাগিব যে, আল্লাহে সেই সকলো বিষয়ে অৱগত যিবোৰ অতীত হৈছে আৰু যিবোৰ ভৱিষ্যতত হ'ব। আল্লাহে এই সকলোবোৰ লিপিবদ্ধ কৰি ৰাখিছে, এই বিশ্বজগতত যি যি হয়, তেওঁৰ ইচ্ছাতেই হয় আৰু তেৱেঁই সকলো বস্তুৰ সৃষ্টিকৰ্তা।

ইছলাম হৈছে কল্যাণৰ পথ

ইছলাম হৈছে সকলো নবীৰ ধৰ্ম, এই ধৰ্ম কেৱল আৰবীয়ানসকলৰ বাবেই নিৰ্দিষ্ট নহয়।

ইছলাম হৈছে পাৰ্থিৱ জীৱনৰ প্ৰকৃত সুখ অৰ্জন কৰাৰ পথ, আৰু আখিৰাতৰ চিৰস্থায়ী নিয়ামত লাভ কৰাৰ মাধ্যম।

ইছলামেই হৈছে একমাত্ৰ এনেকুৱা ধৰ্ম, যিয়ে শৰীৰ আৰু আত্মাৰ সকলো চাহিদা পূৰণ কৰিব পাৰে আৰু মানুহৰ সকলো সমস্যাৰ সমাধান দিব পাৰে।

মহান আল্লাহে কৈছে:

{قَالَ اهْبِطَا مِنْهَا جَمِيعًا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ فَإِمَّا يَأْتِيَنَّكُمْ مِنِّي هُدًى فَمَنِ اتَّبَعَ هُدَايَ فَلا يَضِلُّ وَلا يَشْقَى তেওঁ ক'লে, 'তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎপথৰ নিৰ্দেশ আহি পায়, তেন্তে যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব, সি বিপথগামী নহ'ব আৰু দুৰ্দশাগ্ৰস্তও নহ'ব।وَمَنْ أَعْرَضَ عَنْ ذِكْرِي فَإِنَّ لَهُ مَعِيشَةً ضَنْكًا وَنَحْشُرُهُ يَوْمَ الْقِيَامَةِ أَعْمَى 'আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম'।[২০: ১২৩-১২৪]

ইছলাম গ্ৰহণ কৰিলে মোৰ কি উপকাৰ হ'ব?

ইছলাম গ্ৰহণ কৰাৰ উপকাৰিতা বহুত, তাৰে অন্যতম হৈছেঃ

ইছলাম গ্ৰহণ কৰাৰ ফলত মানুহে আল্লাহৰ বান্দা হৈ সন্মান অৰ্জন কৰিব তথা সফলতা লাভ কৰিব। অন্যথা প্ৰবৃত্তিৰ আৰু চয়তানৰ তথা কামনা-বাসনাৰ বান্দাত পৰিণত হ'ব।

আখিৰাতত মহা সফলতা অৰ্জন কৰিব, অৰ্থাৎ জাহান্নামৰ শাস্তিৰ পৰা মুক্তি পাব আৰু জান্নাতত প্ৰৱেশ কৰিব, লগতে আল্লাহৰ সন্তুষ্টি লাভ কৰিব আৰু জান্নাতত স্থায়িত্ব লাভ কৰিব।

আল্লাহে যিসকলক জান্নাতত প্ৰৱেশ কৰাব, তেওঁলোকে চিৰস্থায়ী নিয়ামতৰ মাজত জীৱন যাপন কৰিব। তাত কোনো ধৰণৰ মৃত্যু নাই, বেমাৰ-আজাৰ, অসুস্থতা অথবা দুশ্চিন্তা বা বাৰ্ধক্য আদি একোৱে নাই। তেওঁলোকে তাত যিটো বিচাৰিব সেইটোৱে পাব।

জান্নাতত এনেকুৱা এনেকুৱা উপভোগ্য সামগ্ৰী আছে, যিবোৰক কোনো চকুৱেই দেখা নাই, আৰু যিবোৰৰ বিষয়ে কোনো কাণেও শুনা নাই, আনকি সেইবোৰৰ বিষয়ে কোনো মানুহৰ অন্তৰেও কল্পনা কৰিব নোৱাৰে।

ইয়াৰ প্ৰমাণ হিচাপে মহান আল্লাহৰ এই বাণী চাওকঃ﴿مَنۡ عَمِلَ صَـٰلِحࣰا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنࣱ فَلَنُحۡیِیَنَّهُۥ حَیَوٰةࣰ طَیِّبَةࣰۖ وَلَنَجۡزِیَنَّهُمۡ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُوا۟ یَعۡمَلُونَ﴾ পুৰুষ হওক বা নাৰী ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, নিশ্চয় আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।[১৬: ৯৭

যদি মই ইছলাম গ্ৰহণ নকৰোঁ তেন্তে মোৰ কি ক্ষতি হ'ব?

ইয়াৰ ফলত মানুহ আটাইতকৈ ডাঙৰ জ্ঞানৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ সি আল্লাহ সম্পৰ্কীয় জ্ঞানৰ পৰা বঞ্চিত হ'ব। লগতে সি আল্লাহৰ প্ৰতি ঈমানৰ পৰা বঞ্চিত হ'ব। সেই ঈমানৰ পৰা বঞ্চিত হ'ব, যি ঈমানে মানুহক পৃথিৱীত সুৰক্ষা আৰু শান্তি, লগতে আখিৰাতত চিৰস্থায়ী নিয়ামতৰ অধিকাৰী বনায়।

এইদৰে মানুহে আল্লাহৰ সেই মহান গ্ৰন্থৰ শিক্ষাৰ পৰা আৰু তাৰ প্ৰতি ঈমানৰ পৰা বঞ্চিত হ'ব, যিখন মানুহৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে।

এইদৰে সি নবীসকলৰ প্ৰতি ঈমানৰ পৰা বঞ্চিত হ'ব, লগতে জান্নাতত তেওঁলোকৰ সাহচৰ্য্য লাভ কৰাৰ পৰা বঞ্চিত হ'ব। ফলত তাগুত, চয়তান আৰু অপৰাধীবিলাকৰ সংগী হৈ জাহান্নামত নিক্ষিপ্ত হ'ব। কিমান যে নিকৃষ্ট সেই বাসস্থান আৰু সেই প্ৰতিৱেশীসকল।

মহান আল্লাহে কৈছে:

قُلْ إِنَّ الْخَاسِرِينَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ وَأَهْلِيهِمْ يَوْمَ الْقِيَامَةِ أَلا ذَلِكَ هُوَ الْخُسْرَانُ الْمُبِينُ (15) কোৱা, 'প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে। জানি থোৱা! এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি'।لَهُمْ مِنْ فَوْقِهِمْ ظُلَلٌ مِنَ النَّارِ وَمِنْ تَحْتِهِمْ ظُلَلٌ ذَلِكَ يُخَوِّفُ اللَّهُ بِهِ عِبَادَهُ يَا عِبَادِ فَاتَّقُونِ } . সিহঁতৰ বাবে থাকিব সিহঁতৰ ওপৰত অগ্নিৰ আৱৰণ আৰু তলফালেও থাকিব আৱৰণ। ইয়াৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।[৩৯: ১৫-১৬]

গতিকে সিদ্ধান্ত লোৱাত পলম নকৰিব!

কাৰণ পৃথিৱী স্থায়ী বাসস্থান নহয়...

অচিৰেই এই সৌন্দৰ্য্য মলিন পৰিব আৰু সকলো মোহ-মায়া, ইচ্ছা আকাংক্ষা নিৰ্বাপিত হ'ব...

শীঘ্ৰেই সেই দিৱসটো আহিব, যিদিনা আপুনি কৰা প্ৰতিটো কৰ্মৰ হিচাপ-নিকাচ হ'ব। সেইটো হৈছে কিয়ামত দিৱস। যেনে- মহান আল্লাহে কৈছেঃ{وَوُضِعَ الْكِتَابُ فَتَرَى الْمُجْرِمِينَ مُشْفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَا وَيْلَتَنَا مَالِ هَذَا الْكِتَابِ لاَ يُغَادِرُ صَغِيرَةً وَلاَ كَبِيرَةً إِلاَّ أَحْصَاهَا وَوَجَدُوا مَا عَمِلُوا حَاضِرًا وَلاَ يَظْلِمُ رَبُّكَ أَحَدًا} লগতে উপস্থাপিত কৰা হ'ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবা আৰু সিহঁতে ক'ব, 'হায়, দুৰ্ভাগ্য আমাৰ! এইটো কেনেকুৱা গ্ৰন্থ! সৰু-বৰ এনে কোনো কৰ্ম নাই, যিটো ইয়াত লিপিবদ্ধ কৰা হোৱা নাই'। সিহঁতে যি আমল কৰিছে সেয়া সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।[১৮: ৪৯]

সৰ্বশক্তিমান আল্লাহে এই কথা জনাই দিছে যে, যিয়ে ইছলাম গ্ৰহণ নকৰিব, সি চিৰকাল জাহান্নামত অৱস্থান কৰিব লাগিব।

গতিকে লোকচান সৰু নহয়, বৰং এইটো এটা বৰ ডাঙৰ ক্ষতি। মহান আল্লাহে কৈছেঃ{وَمَن يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَن يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ } আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব, তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব।[৩: ৮৫]

ইছলামেই হৈছে সেই ধৰ্ম, যি ধৰ্মৰ বাহিৰে আল্লাহে আন কোনো ধৰ্ম গ্ৰহণ নকৰিব।

আল্লাহেই হৈছে আমাৰ সৃষ্টিকৰ্তা আৰু আমি তেওঁৰ ফালেই উভতি যাব লাগিব, আৰু এই পাৰ্থিৱ জীৱন হৈছে আমাৰ বাবে এটা পৰীক্ষাহে।

নিশ্চিতভাৱে বিশ্বাস কৰক যে, এই পাৰ্থিৱ জীৱন নিচেই তাকৰ, এটা সপোনৰ দৰে। কোনেও নাজানে কেতিয়া তাৰ মৃত্যু হ'ব।

কিয়ামতৰ দিনা যেতিয়া আপোনাৰ প্ৰতিপালকে আপোনাক প্ৰশ্ন কৰিব যে, তুমি কিয় সত্যৰ অনুসৰণ কৰা নাছিলা? আৰু কিয় সৰ্বশেষ নবীৰ অনুকৰণ কৰা নাছিলা? তেতিয়া আপোনাৰ উত্তৰ কি হ'ব?

কিয়ামতৰ দিনা আপুনি আপোনাৰ প্ৰতিপালকক কি উত্তৰ দিব? অথচ তেওঁ আপোনাক ইছলাম অস্বীকাৰ কৰাৰ পৰিণতি সম্পৰ্কে সতৰ্ক কৰিছিল, আৰু জনাই দিছিল যে, ইছলাম অস্বীকাৰকাৰী সকলৰ ঠিকনা হ'ব জাহান্নাম, য'ত সিহঁতে চিৰকাল অৱস্থান কৰিব।

মহান আল্লাহে কৈছেঃ﴿وَالَّذِينَ كَفَرُوا وَكَذَّبُوا بِآيَاتِنَا أُولَئِكَ أَصْحَابُ النَّارِ هُمْ فِيهَا خَالِدُونَ﴾ আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে জুইৰ অধিবাসী। তাত সিহঁতে চিৰকাল থাকিব।[2: 39]. [২: ৩৯]

সত্যক পৰিত্যাগ কৰি পিতৃপুৰুষসকলৰ অন্ধানুকৰণ কৰা লোকৰ কোনো ওজৰ-আপত্তি কামত নাহিব।

সৰ্বশক্তিমান আল্লাহে এই কথাও জনাইছে যে, এনেকুৱা বহুতো লোক আছে যিসকলে নিজৰ সমাজৰ ভয়ত ইছলাম গ্ৰহণ কৰিবলৈ ভয় কৰে।

বহুতো এনেকুৱা লোকো আছে, যিসকলে এই কাৰণে ইছলামক অস্বীকাৰ কৰে যে, সিহঁতে নিজৰ ধৰ্মীয় বিশ্বাস পৰিবৰ্তন কৰিব নিবিচাৰে, যিটো ধৰ্মীয় বিশ্বাস সিহঁতে নিজৰ পূৰ্বপুৰুষসকলৰ পৰা পাইছে, যিটো তাৰ অভ্যাসত পৰিণত হৈছে। এইদৰে বহুতো লোকক বংশীয় গোড়ামী আৰু অসত্যৰ পক্ষপাতিত্বই ইছলাম গ্ৰহণ কৰিবলৈ বাধা দিয়ে।

কিন্তু এইসকল লোকৰ কোনো বাহানা তথা কোনো ওজৰ-আপত্তিয়ে সেইদিনা কোনো কামত নাহিব। সেইদিনা সিহঁত আল্লাহৰ সন্মুখত যুক্তিহীনভাৱে থিয় দিব।

কোনো নাস্তিকে এই বাহানা দেখুৱাব নোৱাৰিব যে, মই নাস্তিক পৰিয়ালত জন্ম হৈছিলোঁ, গতিকে মই নাস্তিক হৈয়ে থাকিম। বৰং তাৰ বাবে জৰুৰী সেই বিবেকৰ সদ্ব্যৱহাৰ কৰা যিটো আল্লাহে তাক প্ৰদান কৰিছে। লগতে সি আকাশমণ্ডল আৰু পৃথিৱীৰ মহানতাৰ প্ৰতি চিন্তা-চৰ্চা কৰা উচিত। সৃষ্টিকৰ্তাই প্ৰদান কৰা বুদ্ধিমত্তাৰ সদ্ব্যৱহাৰ কৰি এই বিশ্বজগতৰ সৃষ্টিকৰ্তা সম্পৰ্কে অৱগত হ'ব লাগিছিল। এইদৰে যিসকলে শিল, বৃক্ষ আৰু মূৰ্তি আদিৰ পূজা পাঠ কৰে, সিহঁতৰো এই বাহানা কোনো কামত নাহিব যে, আমি আমাৰ পূৰ্বপুৰুষসকলক এইবোৰৰ পূজা পাঠ কৰোঁতে দেখিছোঁ। বৰং সিহঁতৰ বাবে জৰুৰী সত্যৰ অনুসন্ধান কৰা, আৰু নিজকে প্ৰশ্ন কৰা উচিত যে, আমি এইবোৰ জড় বস্তুৰ উপাসনা কিয় কৰিম, যিবোৰে শুনিবও নোৱাৰে আৰু দেখিবও নোৱাৰে, আনকি মোৰ কোনো উপকাৰো কৰিব নোৱাৰে?

এইদৰে খ্ৰীষ্টানসকল, যিসকলে প্ৰকৃতি আৰু বিবেকৰ পৰিপন্থী কিছুমান বিষয়ৰ প্ৰতি বিশ্বাস পোষণ কৰে। গতিকে সিহঁতে নিজকে প্ৰশ্ন কৰা উচিত যে, মহান প্ৰতিপালকে নিজৰ পুত্ৰক মানুহৰ গুনাহৰ বাবে কিয় হত্যা কৰিব?! এইটো দেখোন স্পষ্ট অন্যায়। লগতে মানুহৰ বাবে এইটো কেনেকৈ সম্ভৱ যে, মানুহে প্ৰতিপালকৰ পুত্ৰক হত্যা কৰিব পাৰিব বা শূলবিদ্ধ কৰিব পাৰিব?! মহান প্ৰতিপালকে নিজৰ পুত্ৰক হত্যা কৰাৰ অনুমতি নিদিয়াকৈ মানুহৰ গুনাহ ক্ষমা কৰিব নোৱাৰেনে? অথবা নিজৰ পুত্ৰক ৰক্ষা কৰিবলৈ তেওঁৰ ক্ষমতা নাইনে?

গতিকে বিবেকৱান ব্যক্তিৰ কৰ্তব্য হৈছে সত্যৰ অনুসৰণ কৰা, আৰু পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণৰ পৰা বিৰত থকা।

মহান আল্লাহে কৈছে:﴿وَإِذَا قِیلَ لَهُمۡ تَعَالَوۡا۟ إِلَىٰ مَاۤ أَنزَلَ ٱللَّهُ وَإِلَى ٱلرَّسُولِ قَالُوا۟ حَسۡبُنَا مَا وَجَدۡنَا عَلَیۡهِ ءَابَاۤءَنَاۤۚ أَوَلَوۡ كَانَ ءَابَاۤؤُهُمۡ لَا یَعۡلَمُونَ شَیۡـࣰٔا وَلَا یَهۡتَدُونَ﴾ আৰু যেতিয়া সিহঁতক কোৱা হয়, 'আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা', তেতিয়া সিহঁতে কয়, 'আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছোঁ সেইটোৱেই আমাৰ বাবে যথেষ্ট'। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথ প্ৰাপ্তও নাছিল, (তথাপিও সিহঁতৰ অনুসৰণ কৰিবনে?)[৫: ১০৪]

সেই ব্যক্তিয়ে কি কৰা উচিত, যিয়ে ইছলাম গ্ৰহণ কৰিব বিচাৰে, কিন্তু নিজৰ আত্মীয়সকলৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'ব বুলি ভয় কৰে?

যিয়ে ইছলাম গ্ৰহণ কৰিব বিচাৰে কিন্তু তেওঁ নিজৰ চাৰিওফালে থকা পৰিৱেশক ভয় কৰে, তেন্তে তেওঁ ইছলাম গ্ৰহণ কৰাৰ পিছত সেই সময়লৈকে নিজৰ ইছলাম গ্ৰহণৰ বিষয়টোক গোপন ৰাখিব পাৰে, যেতিয়ালৈকে আল্লাহে তেওঁৰ বাবে প্ৰকাশ্যভাৱে ইছলামিক মতে আমল কৰাৰ পৰিৱেশ সৃষ্টি কৰি নিদিয়ে।

গতিকে ইছলাম গ্ৰহণত পলম কৰা উচিত নহয়। বৰং যিমান পাৰে সোনকালে ইছলাম গ্ৰহণ কৰা জৰুৰী। কিন্তু যদি ক্ষতি হোৱাৰ আশংকা থাকে তেন্তে নিজৰ ইছলাম সম্পৰ্কে আশে-পাশে থকা লোকক জনোৱাটো জৰুৰী নহয়।

জানি থওক যে, যেতিয়া আপুনি ইছলাম গ্ৰহণ কৰিব, লগে লগে আপুনি লাখ লাখ মুছলমানৰ ভাতৃ হৈ পৰিব। ইয়াৰ পিছত আপুনি নিজ দেশৰ কোনো মছজিদ বা কোনো ইছলামিক কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি পৰামৰ্শ ল'ব পাৰে আৰু তেওঁলোকৰ পৰা সহায় লাভ কৰিব পাৰে, ইয়াৰ ফলত তেওঁলোকে আনন্দৰ সৈতে সঁহাৰি দিব তথা তেওঁলোক আন্তৰিকভাৱে সুখীও হ'ব।

মহান আল্লাহে কৈছে:

{وَمَنْ يَتَّقِ اللَّهَ يَجْعَلْ لَهُ مَخْرَجًا وَيَرْزُقْهُ مِنْ حَيْثُ لَا يَحْتَسِب} যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব, আল্লাহে তাৰ বাবে উত্তৰণৰ পথ উলিয়াই দিব, আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা দান কৰিব;[৬৫: ২-৩]

হে সন্মানীয় পাঠক!

মানুহক সন্তুষ্ট কৰাতকৈ সৃষ্টিকৰ্তাক সন্তুষ্ট কৰাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ নহয়নে? যিয়ে আপোনাক সকলো প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই আপোনাক সেই সময়তো খাদ্যৰ যোগান ধৰিছে যেতিয়া আপুনি মাতৃগৰ্ভত আছিল, লগতে এতিয়া যে আপুনি উশাহ-নিশাহ লৈ আছে, ইয়াৰ বাবে বিশুদ্ধ অক্সিজেনো তেৱেঁই প্ৰদান কৰিছ।

দুনিয়া আৰু আখিৰাতৰ সফলতা লাভ কৰিবলৈ হ'লে পাৰ্থিৱ জীৱনৰ ধ্বংসশীল কিছুমান সুখ ত্যাগ কৰাৰ প্ৰয়োজন নাইনে? আল্লাহৰ শপত, নিশ্চয় আছে!

গতিকে আপুনি সঠিক পথ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰু ভুল পথ পৰিত্যাগ কৰাৰ ক্ষেত্ৰত নিজৰ অতীতক কেতিয়াও বাধা হিচাপে নল'ব।

গতিকে আজিয়েই প্ৰকৃত মুমিন হৈ যাওক, আৰু চয়তানক কেতিয়াও সত্যৰ অনুসৰণৰ পৰা বাধা প্ৰদান কৰাৰ সুবিধা নিদিব।

মহান আল্লাহে কৈছে:

{يَا أَيُّهَا النَّاسُ قَدْ جَاءَكُمْ بُرْهَانٌ مِنْ رَبِّكُمْ وَأَنزلْنَا إِلَيْكُمْ نُورًا مُبِينًا (174) হে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰমাণ আহিছে, আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ।فَأَمَّا الَّذِينَ آمَنُوا بِاللَّهِ وَاعْتَصَمُوا بِهِ فَسَيُدْخِلُهُمْ فِي رَحْمَةٍ مِنْهُ وَفَضْلٍ وَيَهْدِيهِمْ إِلَيْهِ صِرَاطًا مُسْتَقِيمًا (175) } এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে, সিহঁতক তেওঁ নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব, আৰু সিহঁতক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব।[৪: ১৭৪-১৭৫]

আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো লোৱাৰ বাবে প্ৰস্তুতনে?

আমি উল্লেখ কৰা কথাখিনি যদি আপুনি যুক্তি সংগত বুলি ভাবে আৰু আপুনি যদি ইয়াৰ সত্যতাক আন্তৰিকভাৱে বুজি পাইছে, তেন্তে আপুনি ইছলাম গ্ৰহণৰ দিশত প্ৰথমটো পদক্ষেপ এতিয়াই লোৱা উচিত। আপুনি বিচাৰেনে যে, মই আপোনাক আপোনাৰ জীৱনৰ সৰ্বোত্তম সিদ্ধান্তটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰোঁ, তথা কিদৰে মুছলিম হ'ব লাগে সেই ক্ষেত্ৰত আপোনাক দিশ-নিৰ্দেশনা দিওঁ?

আপোনাৰ পূৰ্বৱৰ্তী গুনাহে যেন আপোনাক ইছলাম গ্ৰহণত বাধা নিদিয়ে। কিয়নো পৱিত্ৰ কোৰআনত মহান আল্লাহে এই কথা স্পষ্টভাৱে জনাইছে যে, বান্দাই যেতিয়া ইছলাম গ্ৰহণ কৰে তথা সৃষ্টিকৰ্তাৰ ওচৰত তাওবা কৰে, তেতিয়া তেওঁ বান্দাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে। আনকি ইছলাম গ্ৰহণ কৰাৰ পিছতো সৰু সুৰা গুনাহ বান্দাৰ দ্বাৰা হোৱাটো স্বাভাৱিক। কাৰণ আমি মানুহ, গুনাহৰ পৰা পৱিত্ৰ কোনো ফিৰিস্তা নহয়। কিন্তু আমাৰ কৰ্তব্য হৈছে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ ওচৰত তাওবা কৰা। এতেকে আল্লাহে যেতিয়া দেখিব যে, আপুনি সত্য গ্ৰহণ কৰাত পলম কৰা নাই আৰু ইছলামত প্ৰৱেশ কৰিছে আৰু দুয়োটা সাক্ষ্য প্ৰদান কৰিছে, তেতিয়া তেওঁ আপোনাক অন্যান্য গুনাহ পৰিত্যাগ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কিয়নো যিয়ে আল্লাহৰ ফালে ধাৱিত হয় আৰু সত্যৰ অনুসৰণ কৰে, আল্লাহে তাক অধিক কল্যাণৰ সুবিধা দিয়ে। গতিকে এতিয়াই ইছলাম গ্ৰহণ কৰিবলৈ দ্বিধাবোধ নকৰিব।

ইয়াৰ প্ৰমাণ হিচাপে মহান আল্লাহৰ এই বাণী চাওকঃ﴿قُل لِّلَّذِینَ كَفَرُوۤا۟ إِن یَنتَهُوا۟ یُغۡفَرۡ لَهُم مَّا قَدۡ سَلَفَ﴾ যিসকলে কুফুৰী কৰিছে সিহঁতক কোৱা, 'যদি সিহঁতে (কুফুৰী) পৰিহাৰ কৰে তেন্তে অতীতত যি (পাপ) হৈছে সেয়া আল্লাহে ক্ষমা কৰিব।[৮: ৩৮]

ইছলাম গ্ৰহণ কৰিবলৈ মই কি কৰিব লাগিব?

ইছলাম গ্ৰহণ কৰাটো একেবাৰে সহজ। ইয়াৰ বাবে কোনো সাধনাৰ প্ৰয়োজন নাই আৰু কোনো আনুষ্ঠানিকতাৰো দৰকাৰ নাই, আনকি কোনো বিশেষ ব্যক্তিৰ উপস্থিতিৰো দৰকাৰ নাই। কেৱল দুটা বিষয়ৰ সাক্ষ্য প্ৰদান কৰিব লাগিব আৰু ইয়াৰ অৰ্থ জানি বুজি ইয়াৰ প্ৰতি বিশ্বাস কৰিব লাগিব, ইয়াৰ বাবে ক'ব লাগিবঃ (আশ্বহাদু আল- লা ইলাহা ইল্লাল্লাহ, ওৱা আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ।) অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ প্ৰেৰিত ৰাছুল।যদি আৰবীত ক'ব পাৰে তেন্তে এইটো উত্তম। আনহাতে যদি অসুবিধা হয় তেন্তে নিজৰ ভাষাতে ক'ব পাৰে। ইয়াৰ দ্বাৰাই আপুনি এজন মুছলিম হিচাপে গণ্য হ'ব। ইয়াৰ পিছত আপোনাৰ কৰ্তব্য হৈছে লাহে লাহে দ্বীনৰ অন্যান্য বিধি-বিধানবোৰ জনাৰ বাবে চেষ্টা কৰা। এইটোৱে হৈছে পৃথিৱীত সুখী জীৱন লাভ কৰাৰ উৎস আৰু আখিৰাতত মুক্তি পোৱাৰ অন্যতম উপায়।

ইছলাম সম্পৰ্কে অধিক জানিবলৈ এই বেৱছাইটটো ভিজিট কৰি চাওকঃ

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদৰ লিংক

ইছলাম কেনেকৈ অনুশীলন কৰিব সেইটো শিকিবলৈ মই আপোনাক এই ৱেবছাইটটো ভিজিট কৰাৰ পৰামৰ্শ দিওঁ

মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?প্ৰতিটো বস্তুৱে সৃষ্টিকৰ্তাৰ অস্তিত্বৰ প্ৰমাণ বহন কৰে।

আল্লাহ অতি পৱিত্ৰ আৰু সুউচ্চ

পৱিত্ৰ মহান প্ৰতিপালকৰ গুণাৱলী

উপাসনাযোগ্য প্ৰতিপালক পৰিপূৰ্ণতাৰ গুণেৰে গুণান্বিত হোৱাটো অত্যন্ত জৰুৰী

মহান সৃষ্টিকৰ্তাই আমাৰ প্ৰতি অহী নকৰাকৈ আমাক এনেই এৰি দিব বুলি বিষয়টো বিবেকে গ্ৰহণ কৰেনে?

আল-কোৰআনুল কাৰীম

ইমান সংখ্যক ৰাছুল কিয় প্ৰেৰণ কৰিছে?

কোনো ব্যক্তিয়েই প্ৰকৃত মুমিন হ'ব নোৱাৰে যেতিয়ালৈকে সি সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰিব।

ইছলাম কাক বোলে?

ঈছা আলাইহিচ্ছালাম সম্পৰ্কে মুছলিমসকলৰ আক্বীদাহ কি?

মুছলিম হ'বলৈ মই কি কৰিব লাগিব?

ইছলাম হৈছে কল্যাণৰ পথ

ইছলাম গ্ৰহণ কৰিলে মোৰ কি উপকাৰ হ'ব?

যদি মই ইছলাম গ্ৰহণ নকৰোঁ তেন্তে মোৰ কি ক্ষতি হ'ব?

গতিকে সিদ্ধান্ত লোৱাত পলম নকৰিব!

সত্যক পৰিত্যাগ কৰি পিতৃপুৰুষসকলৰ অন্ধানুকৰণ কৰা লোকৰ কোনো ওজৰ-আপত্তি কামত নাহিব।

সেই ব্যক্তিয়ে কি কৰা উচিত, যিয়ে ইছলাম গ্ৰহণ কৰিব বিচাৰে, কিন্তু নিজৰ আত্মীয়সকলৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'ব বুলি ভয় কৰে?

হে সন্মানীয় পাঠক!

আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো লোৱাৰ বাবে প্ৰস্তুতনে?

ইছলাম গ্ৰহণ কৰিবলৈ মই কি কৰিব লাগিব?